Volume 4, Issue 5 | May 2017 ISSN: 2395-2547
 

কলম..... অসমীয়া


অনুভৱ
- চেহনাজ চুলতানা ৰহমান

তোমালৈ আজি মোৰ

মৰম বহুগুণে বাঢ়িছে ৷

তোমাৰ মৰমলগা হাঁহিটোৱে

যেন মোক পাগল কৰিছে

তোমাৰ দুনয়ন, তোমাৰ গহীন গহীন কথাবোৰে যেন

আজি মোক তোমাক ভাল পাবলৈ বাধ্য কৰিছে ৷

 

বতাহৰ সৈতে আজি মই

তোমাৰ কাষলৈ উৰি যাব বিচাৰোঁ

প্ৰেম নামৰ বৰষুণজাকত

তোমাৰ সৈতে তিতিবৰ মন আজি মোৰ ৷

আৰু মই বিচাৰো,

বৰষুণৰ প্ৰতিটো টোপাল যেন

আমাৰ ভালপোৱাৰ নামত সৰে ৷

 

এতিয়া মোৰ প্ৰতিটো সপোন

কেৱল তোমাৰ নামত

আমি দুয়ো এক হোৱাৰ সপোন

এখন সুন্দৰ পৃথিৱী গঢ়াৰ সপোন ৷

আৰু সেই পৃথিৱীত থাকিব কেৱল

মৰম, ভালপোৱা, বিশ্বাস সন্মান আৰু যে ক'ত কি

আহা আমি দুয়ো মিলি প্ৰেমৰ ফাঁকু খেলো ৷

 

চেহনাজ চুলতানা ৰহমান ডিব্ৰুগড় বিশ্ববিদ্যালয় এগৰাকী সম্ভাৱনাপূৰ্ণ কবি  ৷