Volume 4, Issue 5 | May 2017 ISSN: 2395-2547
 

কলম..... অসমীয়া


গুড গাৰ্ল গুড বয় (গল্প)
- ছাবিৰ আহমেদ

লাভলীয়ে নিৰ্জাৰাক মন প্ৰাণ দি ভালপায়, কিন্তু নিৰ্জাৰাই তাক ভাল নাপায় অৰ্থাৎ লাভলীয়ে নিৰ্জাৰাক ওৱান চাইডেড ভালপায় নিৰ্জাৰাক এদিন নেদেখিলে সি যেন থাকিব নোৱাৰে আজি নিৰ্জাৰা কলেজত আহা নাই সি চুমিৰ পৰা খবৰ পালে তাইৰ হেনো জ্বৰ হৈছে শুনি মনটো বেয়া হৈ গ'ল লাভলীৰ নিৰ্জাৰাক ফোন কৰি খবৰ লোৱাৰ তাৰ সাহস নাই ফেচবুক লগিন কৰি দেখিলে নিৰ্জাৰা অনলাইন হৈ আছে

--- হাই নিৰ্জাৰা! ঔষধ খালানে ? চুমিয়ে কৈছিল তোমাৰ হেনো জ্বৰ হৈছে

নিৰ্জাৰাই ৰিপ্লাই দিলে

--- হুম...!

--- তুমি যে কলেজত আহা নাই সেইকাৰণে মই তোমাৰ এটেণ্ডেন্স দি দিলোঁ আজি ছাৰে খুব গুৰুত্বপূৰ্ণ লেকচাৰ দিছে, ভিডিঅ কৰি ৰাখিছোঁ তোমাক পঠাই দিম

--- ঠিক আছে.. পঠাই দিয়া

--- নিৰ্জাৰা! ডেনিয়েল দাই গুৱাহাটীত এখন নতুন ৰেষ্ট্ৰো খুলিছে যাবা...? মই ট্ৰীট দিম তোমাক

--- চৰী লাভলী! মই এইকেইদিন বহুত ব্যস্ত, তুমি বেলেগ কোনোবাক লৈ যোৱা

--- ঠিক আছে! তুমি হয়তো এতিয়া ব্যস্ত আছা মই তোমাক বেলেগ কেতিয়াবা মেছেজ কৰিম

--- মই কেইটামান চিনেমাৰ নাম কওঁ, ডাউনলোড কৰি দিবাচোন

--- ঠিক আছে মই ডাউনলোড কৰি কালি মোৰ পেনড্ৰাইভত ভৰাই লৈ আহিম

--- গুড বয়!

নিৰ্জাৰাই লাভলীক বাই বুলি কৈ তাইৰ বাইকৱালা বডী বিল্ডাৰ বয়ফ্ৰেণ্ড আকাশক মেছেজ কৰিলে

--- আকাশ! মোৰ খুব জ্বৰ, ঔষধ খাওঁ তথাপিও ভাল নহয় আৰু এই মাহৰ পিৰিয়ডো এতিয়ালৈকে মিছিং

--- হুম

--- তোমাক পিক কৰিবলৈ মই আৰু তোমাৰ মেছত নাযাওঁ তুমি ক্লাছত যাব নিদিয়া, গুৰুত্বপূৰ্ণ লেকচাৰ মিছ হয় আজিৰ লেকচাৰৰ ভিডিঅটো সংগ্ৰহ কৰিলোঁ অংকিতাৰ পৰা, পঠাও নে ?

--- পঠিয়াই দিয়া

--- অংকিতাই কৈছে, গুৱাহাটীত হেনো এখন নতুন ৰেষ্ট্ৰো খুলিছে যাবা নেকি ? মই ট্ৰীট দিম

--- নিৰ্জাৰা! মোৰ বৰকৈ মাছুল পেইন হৈছে, তুমি অংকিতাক লৈ যোৱাগৈ

--- ঠিক আছে সোণ তুমি ৰেষ্ট লোৱা মই কাইলৈ আহি মাছাজ কৰি দিম হ'বনে?

--- নিৰ্জাৰা! কাইলৈ অহা সময়ত চিনেমাকেইখন লৈ আহিবা কিন্তু

--- ঠিক আছে মোৰ এক্সট্ৰা এটা পেনড্ৰাইভ আছে, সেইটোত কৰি লৈ আহিম

--- আমি কালিও কলেজ নাযাওঁ, কাৰোবাক কৈ দিবা এটেণ্ডেন্স দিবলৈ আৰু তুমি ১০ বজাৰ পিছত চিনেমাকেইখন লৈ মেছত আহি যাবা ইয়াৰ আগত নাহিবা কিন্তু, ৰান্ধনি থাকে, প্ৰবলেম হ'

--- ঠিক আছে তুমি যেতিয়া ক'বা তেতিয়াই যাম মোৰ সোণটো

--- গুড গাৰ্ল

পিছদিনা ৮ বজাত লাভলী আনন্দত আত্মহাৰা হোৱা যেন হ', কাৰণ তাক তাৰ সপোনৰ ৰাণী নিৰ্জাৰাই নিজেই ফোন কৰিছে তাক

--- লাভলী এটা কাম কৰিব পাৰিবা ?

--- এইমুহূৰ্তত মোৰ পকেট উকা, ইয়াৰ বাহিৰে বাকি সকলো কৰিব পাৰিম

--- ধুৰ! শুনা.. আজি আমাৰ ঘৰত Junali বা আহিব, কলেজ যাব নোৱাৰিম! তুমি কলেজ যোৱা সময়ত আমাৰ বিল্ডিঙৰ তলত আহি চিনেমাকেইখন দি যাব পাৰিবা ?

--- হুম পাৰিম! লগতে তোমাৰ কাৰণে এটা চাৰপ্ৰাইজো আছে

--- চাৰপ্ৰাইজ পিছত, মোৰ এটেণ্ডেন্সও দিব লাগিব কিন্তু লগতে আকাশৰটো ও তাৰ মে বি আঙ্কল ঢুকাইছে, আহিব নোৱাৰিব

--- উফফ... কি কোৱা! ঠিক আছে দি দিম... মই গৈ আছো অলপ পিছত চিনেমা উইথ চাৰপ্ৰাইজ

--- ঠিক আছে আহা আহি মোক মিছকল দিলে মই তললৈ নামি আহিম

--- মিছকল কিয় দিম ফোন কৰিম

--- তুমি তো ধনী ঘৰৰ ল'ৰা আহোঁতে এখন ১০০ টকীয়া ৰিচাৰ্জ কাৰ্ড ও লৈ আহিবা

--- উমম..... (লাভলীয়ে আগতেও কৈছিল পকেট উকা তথাপিও তাই কৈছে যেতিয়া নিবই লাগিব)

--- গুড বয়!

এঘণ্টা পিছত নিৰ্জাৰাৰ বিল্ডিংগৰ তলত লাভলী....!

--- এই লোৱা তোমাৰ চিনেমা, কাৰ্ড আৰু চাৰপ্ৰাইজ

--- ৱাওঁ... তুমি নতুন ৰেষ্ট্ৰোৰ পিঝা মোৰ কাৰণে হোম ডেলিভাৰী লৈ আহিছা

--- তুমি কৈছিলা যে জোনালী বা আহিব সেয়ে এটা বেছি আনিছোঁ

--- গুড বয়

১০:১০ বজাত আকাশৰ মেছত নিৰ্জাৰা

--- ইমান দেৰি কৰিলা যে?

--- তোমাৰ কাৰণে ৰেষ্ট্ৰোৰ পৰা পিঝা আনিব গৈছিলোঁ

--- আগতে ক'ব লাগিছিল, তেতিয়া ৰান্ধনিক কৈ মৰণীং মিল বন্ধ কৰি দিলোঁ হয়! মোৰ মোবাইলত বেলেন্সো নাই যে তোমাক ফোন কৰিম

--- জানো... সেয়ে মই মোৰ সোণটোৰ কাৰণে এখন ১০০ টকীয়া ৰিচাৰ্জ কাৰ্ডো লৈ আহিছোঁ

--- মোৰ এটেণ্ডেন্স মিছ নহয়তো?

--- ওহোঁ, কোনো পিৰিয়ডেই মিছ নহয় সৱ ব্যৱস্থা কৰি আহিছোঁ

--- আৰু মাছাজ? মাছুল পেইন হৈ আছে তো!

--- চাওঁ মোৰ দেহাটোৰ ক'ত পেইন?

--- গুড গাৰ্ল

 

ফাৰ্ষ্ট চেমিষ্টাৰৰ পৰা আৰম্ভ কৰি লাষ্ট চেমিষ্টাৰৰ ছোৱালীবোৰেও ল'ৰাটোৰ ফালে এনেকুৱা চাৱনিৰে চায় যেন খাই দিব'ৰাটো ফোপাই-ফোপাই খটখটি বাই কেন্টিনলৈ গৈ আছে লিফ্ট থকাৰ পিছতো খটখটি বাই উঠাৰ কাৰণ হ'ল সি এতিয়া চিক্স পেক বনাই আছে'ৰাটোৰ যেতিয়া গাৰে ঘাম বৈ পৰে তেতিয়া ছোৱালীবোৰে তাক দেখি টোক গিলে'ৰাটোৱে কেন্টিনত সোমাইও দেখিলে কৰ্ণাৰৰ চকীখনত মন বেয়া কৰি বহি আছে তাৰ প্ৰিয় বন্ধু তথা শিষ্য লাভলী, অ হা..... কবলৈ পাহৰি গৈছিলোঁ, লাভগুৰু হিচাপে বিখ্যাত এই ল'ৰাটোৰ নাম কমল..... সকলোৰে পৰিচিত কমলকৃষ্ণ

কমলে হাঁহি হাঁহি লাভলীক সুধিলে

--- দেবদাস-২ চিনেমাখন কেতিয়া আহিব ৰে?

লাভলীয়ে ক'লে

--- আহি আছে নেকি? নাজানোঁ

--- কোনোবাই বনালে লিড ৰোল টো তোক চাজেষ্ট কৰিলোঁ হয়

--- লাভগুৰু... তুমিও মজা লৈ আছা, তেনেকুৱা কি কৰিলোঁ মই?

--- কি কৰিছ নাজান? শুনিলোঁ তই হেনো ছোৱালীবোৰক প্ৰক্সী দিয়!

--- তোমাক কোনে ক'লে এইবোৰ? তাই মোৰ ক্লজ ফ্ৰেণ্ড... এজনী গুড গাৰ্ল

--- হয় নেকি? বাদ দে... তোৰ "ড্ৰীম গাৰ্ল" কাহিনীটো শেষ হ'ল নে?

--- ধেমালি নকৰিবাচোন লাভগুৰু... মোৰে হে যি গতি চলিছে

--- আচ্ছা..! নিৰ্জাৰাক ফকতিয়া বলীউদ চিনেমা বাদ দি এইবোৰ চাজেষ্ট কৰ, ভাল লাগি গ'লে দেখিবি গোটেইদিন তোৰে কথা ভাবি থাকিব

--- তেন্তে "প্ৰিজন ব্ৰেক" দি আৰম্ভ কৰোঁ নেকি?

--- এইটো কেনেধৰণৰ প্ৰিজন ব্ৰেক?

--- আকৌ ধেমালি কৰিছা হুহহ

--- ঠিক আছে শুন, তাইৰ বস্তুবোৰত লাইক কম দিবি তই তাইৰ গেলা ষ্টেটাচবোৰতো লাইক মাৰ... দেখি মোৰ টেমা গৰম হয়

--- তোমাৰনো ইমান গা জ্বলে কিয়? কাহিনী কি গুৰু?

--- গেলা পচা যে

--- গুৰু... নতুন কেইটামান বস্তু ডাউনলোড কৰিছো! শ্বেয়াৰ_ইট অন কৰা

--- গুড বয় দে দে....

 

(ক্ৰমশ:)

নগাওঁৰ দীঘলজাৰ গাওঁ নিবাসী ছাবিৰ আহমেদ বৰ্তমান ছাত্ৰ যদিও পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া বাবে dance কৰি নিজৰ খৰচ উলিয়ায়ভৱিষ্যতে এজন ভাল লেখক হোৱাটো এওঁৰ সপোন