Volume 4, Issue 7 | July 2017 ISSN: 2395-2547
 

কলম..... অসমীয়া


এই মোৰ শেষ কবিতা
- বেদান্ত কলিতা

পাহি

' পাহি

শুনিছ নে তই ?

তই বাৰু শুনিলিয়েই চিনি জানো পাবি ?

হয় দে মই সেই অচিনাকিজন,

এদিন যে অচিনাকি হলেও দুখত মোৰ কোলাত কান্দিছিলি,

সুখত মোৰ বুকুত হাঁহিছিলি,

হয় সেই জনেই মই ।

' পাহি

মই আজি খুব সুস্থ জান !

যেনেকৈ সুস্থ তোৰ

সেন্দুৰ লেপা কপালখন ।

মই যে ইমান সুখী জাননে পাহি,

তোক দেখাৰ পৰাই দেখিছিলোঁ সপোন ,

তোৰ হাঁহিৰ স্থায়ী সুৰৰ এটা হোৱাৰ 

আৰু চা মই পাই গ'লো সেই হাঁহিটো ।

হৱ পাৰে হাঁহিৰ উৎস মই নহ'লো,

তথাপিও মই খুব আনন্দিত ।

পাহি তই কান্দিলে জাননে,

মোৰ হৃদয়ত বিষ হয়,

আৰু যেতিয়া হাঁহিবলৈ ল',

এনে লাগে যেন বহু দিনৰ এটা কেঞ্ছাৰ খহি পৰিল

সোপা মাৰি ধৰা মোৰ বুকুখনৰ পৰা ।

যোৱা কালি তোৰ নতুন প্ৰফাইল পিকচাৰটো চাই যে ওৰে ৰাতি জাগি থাকিলোঁ ।

মনত আহিল হাজাৰ চিন্তা,

কিন্তু,

তোৰ সেন্দুৰ আৰু হাঁহিৰ সৌন্দৰ্য্যতাত যে সকলো জাহ গুছি গ'ল নিমিষতে ।

আজি মোৰ হেনো লাষ্ট অষ্টোপ্ৰচাৰ,

বাছিলেও হেনো মৰা জীৱ হৈ ৰম ।

পাহিও তোলে যে মোৰ মাত নাযায় সেয়া নিৰ্ঘাত ।

হলেও মনে কয়,

মই নোৱাৰোঁ ।

তোক এবাৰ যদি পুনৰ বাৰ সাবটিব পাৰিলোঁহেঁতেন ,

হয়তো বুকুত বাহ লোৱা এই দানৱটোৱে অলপ হলেও ভয় খালে হয় ।

পাহি নাপাই দেই তই নাকান্দিবি ।

আজি যে ইমান মন গৈছে নহয়,

তই হাঁহিবি আকৌ হাঁহিবি

আৰু মই মনে মনে শুনি যাম

চৰাইবোৰ বাহৰ পৰা উৰিব,

বতাহ জাকে লাজে লাজে আহি গালত এটা চুমা দি যাব ।

কি যে মজা লাগিব নহয় !

এই বাৰ মই তোক নকও চুপ চুপ পাহি মানুহে বেয়া ভাবিব বুলি ।

তই মাত্ৰ হাঁহি যা ওঁ মোৰ কলিজাজনী

তোৰ হাঁহিতে হয়তো মই পাম জীয়াই থকাৰ নতুন শক্তি

হয়তো যোৱাৰ সময়ত তোৰ হাঁহিতে লৈ যাব পাৰোঁ অলেখ স্মৃতি ।

পাহি '

তোৰ যে সেন্দুৰৰ প্ৰলেপ দেখিলে মই খুব স্বাৰ্থপৰ হৈ পৰো ।

কিন্তু,

কিন্তু কি কৰিবি এয়া য়ে সত্য কাহিনী,

নিয়তি, মোৰ আৰু তোৰ মাজৰ এয়া চিৰন্তন ।

বুকুখন যে ইমান বিষাই নহয়,

এই মূৰ্খ ডাক্তৰে কয় মোৰ হেনো কেন্সাৰৰ বিষ ।

কিন্তু মই জানো,

এই বিষৰ উৎস বেলেগ যাক হয়তো এই জীৱনত মই ব্যক্ত কৰিব নোৱাৰিম,

হয়তো অকথ্য বুলি গ্ৰহণ কৰিয়ে পেলাইছোঁ অথনিতে ।

কবলৈ বহু কথা এতিয়াও আছে

কম বুলি কবও নোৱাৰোঁ ।

এৰা মৃত্যুৰ পিছত চাগে এইবোৰে খুব আমনি কৰিব মোক ।

তথাপিও তোক সজীৱ কৰি ৰাখিবলৈ এইবোৰে চাগে মোক সহায় কৰিব ।

পাহি তোৰ সন্তানটিক এবাৰ চোৱাৰ হেঁপাহ আছিল

কিন্তু এতিয়া যে বহু পলম হ'ল ।

মোৰ যাবৰে হ'ল ।

তই কুশলে থাক ।

হয়তো পিছৰ জনমতটোত তোক পুনৰ লগ পাবলৈ সৌভাগ্যৱান হম ।

তেতিয়া হ'লে হাঁহিমুখেৰে আহিবি এবাৰ,

মোক শেষ বিদায় দিবলে ।

পাহি

আহিছোঁ দেই  ।

এই মোৰ শেষ কবিতা । 

বেদান্ত কলিতা এগৰাকী সম্ভাৱনাপূৰ্ণ কবি  ৷